ভাৰতবৰ্ষৰ পৌৰাণিক বিজ্ঞানৰ আধুনিক বিজ্ঞানলৈ অৱদান

পুৰণি কালৰে পৰা ভাৰতবৰ্ষ এখন জ্ঞানৰ ভান্দাৰত চহকী দেশ। আজিৰ যুগৰ বৈজ্ঞানিক চিন্তা ধাৰা তথা পদ্ধতি বহু হাজাৰ বছৰ পূৰ্বৰে পৰা ভাৰতত প্ৰাচীন ভাৰতীয় বৈজ্ঞানিক সকলে পালন কৰি আহিছে। বিজ্ঞানৰ আজি যি প্ৰগতি হৈছে তাত প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ বিশেষ অৱদান আছে। আজিৰ লেখনিত তাৰেই কিছূ নিদৰ্শন দাঙি ধৰা হ'ৱ।
জন ডেলটনৰ জন্মৰ বহু বছৰ আগতেই প্ৰাচীন ভাৰত ত মহৰ্ষি কান্নাডে পৰমাণুৰ বিষয়ে বিশেষ গৱেষণা
আৰু বিশ্লেষণ কৰি থৈ গৈছে। তেখেতৰ মতে যিকোনো তত্ত বিশেষ শৃংখলাবদ্ধভাৱে সূসজ্জিত ইলেকট্ৰনৰ দ্গাৰা গঠিত হয়।
এটম বোমাৰ জনক অপেনহেইমাৰ ভাৰতীয় পৌৰাণিক গ্ৰন্থবোৰৰ একান্ত সাধক আছিল বুলি নিজে কেইবাবাৰো স্বীকাৰ
কৰিছিল। তেওঁ কেইবাবাৰো নিজৰ বক্তব্যত গীতাৰ শ্লোক ব্যৱহাৰ কৰিছিল। তদুপৰি এনে এক ভয়াৱহ সৃস্তি সৈতে মোকাবিলা কৰিবলৈ তেওঁক হেনো মহাভাৰতৰ শ্ৰীকৃষ্ণৰ চৰিত্ৰই বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। তেওঁ নিজৰ সহকৰ্মী তথা বন্ধুবৰ্গক প্ৰায়ে ভাগৱত গীতা
উপহাৰ স্বৰূপে দিছিল। প্ৰথমটো এটম বোমা হিৰোচিমাৰ উপৰত নিক্ষেপ হোৱাৰ বাতৰি পোৱাৰ পাছত অপেনহেইমাৰে ভাগৱত গীতাৰ
এঘাৰ অধ্য়ায়ৰ ৩২ নং শ্লোকটিৰ অনুবাদ আওঁৰাইছিল,
দিৱি সূৰ্য সহস্ৰস্য়
ভৱেদ যোগপাদ উত্থিত
যদি ভৱাদ সদ্ দৃস্টি সাঃ সাৎ
ভাষাশঃ তদশাস মহাৎমানঃ
কাল ক্ষমিঃ লোকাক্ষয়ক্ৰৎ প্ৰবোদ্ধঃ
লোকান্ সমাহাৰ্তম্ ইহ প্ৰৱৰ্ত
প্লাস্টিক চাৰ্জাৰিৰ ওপৰত নিজৰ স্বত্তৰ বাৱে বিভিন্ন দেশে আজি টনা আজোৰা কৰি আছে। কিন্তু
আধুনিক প্লাস্টিক চাৰ্জাৰিৰ উদ্ভাৱনৰ বহু হাজাৰ বছৰ আগতেই "শুচ্ৰুতা সংহিতা"ত মহৰ্শি শুচ্ৰুতে বিভিন্ন প্ৰকাৰৰ
প্লাস্টিক চাৰ্জাৰিৰ বিষয়ে বিস্তৃত বিৱৰণ দি গৈছে।
আৰ্য্যভট্টৰ মহান আৱিস্কাৰ শূণ্যৰ বিষয়ে সমগ্ৰ বিশ্বই জানে্। শূণ্যৰ আৱিস্কাৰে গাণিতিক বিষয়ৰ অধ্য়য়নত বিশেষ অৱদান আগবঢ়াইছিল। এই শূণ্যৰ আৱিস্কাৰে আন এক দৰ্শন শাস্ত্ৰৰ লগত মানৱ জাতিক পৰিচয় কৰায় দিয়ে যাক
কোৱা হয় শূণ্য দৰ্শন। ভাৰতীয় দৰ্শন শাস্ত্ৰৰ উন্নত নিদৰ্শন ইয়াৰ পৰাই পোৱা যায়।
সীমিত ব্যৱধান প্ৰক্ষেপনৰ বিষয়ে ব্ৰহ্মগুপ্তই ৬৬৫ খ্ৰী. তেই কৈ গৈছিল যাক পিছত নিউটন, গাউছ আদি বিজ্ঞানীয়ে পুনৰ
উজ্জীৱিত কৰিছিল। ব্ৰহ্মগুপ্তই নিজৰ ব্ৰহ্মগুপ্তস্ফুটা সিদ্ধান্তত সাধাৰণ ৰৈখিক সমীকৰণৰ প্ৰয়োগ তথা বিশ্লেষন কৰি থৈ গৈছে। এই মহান
অংকসাস্ত্ৰী জনৰ লেখনিৰ পৰাই আৰৱ সকলে ভাৰতৰ পৰা শূণ্য আৰু দশমিক বিন্দুৰ গ্যান বিদেশলৈ প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল।
ব্ৰহ্মগুপ্তই বৰ্গমূল আৰু ঘনমূলৰ সংক্ষিপ্ত নাম তথা গাণিতিক বিশ্লেষণ কৰি থৈ গৈছে।ঋণাত্মক সংখ্যাৰ প্ৰয়োগ ব্ৰহ্মগুপ্তৰ লেখনিৰ পৰাই
আৰৱসকলে পিছত প্ৰসাৰিত কৰে। ব্ৰহ্মগুপ্তস্ফুটা সিদ্ধান্তত ব্ৰহ্মগুপ্তই শূণ্যক এক স্বাভাৱিক সংখ্যাৰ মৰ্যাদা দিছিল যিটো বেবিলনীয়
জ্ঞান আৰু টলেমিৰ সিদ্ধানত্তৰ বিপৰীত আছিল। আজি আমি সকলোৱে বুজিব পাৰোঁ যে শূণ্যৰ অবিহনে আমাৰ সাংখ্যিক জ্ঞানৰ কি অৱস্থা হ'ল হেতেন।
"দ্ববিপক গুনক"ৰ ব্যাখ্যান বৰাহমিহিৰে ৬ শতিকাত আৰু ১০ শতিকাত হলায়ুধে মেৰু প্ৰস্তাৰ হিচাবে বিশ্লেষণ কৰি থৈ গৈছে। যি আজি Binomial Theorem বুলি সৰ্বজনবিদিত। অজ্ঞাত সংখ্য়া বোৰক আখৰেৰে চিহ্নিত কৰাৰ প্ৰক্ৰিয়া
ভাৰতীয়ই বহু পুৰনিকালৰ পৰাই জানিছিল।
আয়ুৰ্বেদ আৰু সিদ্ধ যোগৰ প্ৰয়োগ প্ৰায় আঢ়ৈ হাজাৰ বছৰ পুৰণি, যি আজিও দক্ষিন পূৱ এচিয়াত বহুল ভাৱে প্ৰচলিত।
সুক্তাবিন্দু শল্যকৰ্ম বুলি প্ৰাচীন শল্য চিকিৎসাত ভাৰতীয় সকল অভ্যস আছিল তথা সুচ্ৰুতা সংহিতাৰ দ্বাৰা ইয়াক লিপিবদ্ধও কৰি ৰাখিছিল।এই শল্য চিকিৎসা কৰোঁতে যিবিধ
সঁজুলিৰ ব্যৱহাৰ হৈছিল, তাক কোৱা হৈছিল জবামূখী সলকা। প্ৰাচীন গ্ৰীক আৰু ৰোমান পৰিব্ৰাজক
সকলে এই উন্নত চিকিৎসাৰ কথা কৈ ভাৰতীয় বিজ্ঞানৰ অশেষ প্ৰশংসা কৰি থৈ গৈছে্। এই চিকিৎসা পদ্ধতি তেওঁলোকেই
পিছত পশ্চিমীয়া দেশলৈ লৈ গৈছিল।
কোৱান্টাম সাংখ্যিকীৰ ওপৰতো প্ৰাচীন ভাৰতীয় সকলৰ বিশেষ অৱদান আছে। প্ৰাচীন বেদ আৰু অন্য় ভাৰতীয় গ্ৰন্থ সমূহলৈ জাৰ্মানীৰ বিজ্ঞানী সকলৰ বিশেষ ৰুচি দেখা যায়। এই প্ৰাচীন গ্ৰন্থ সমূহকে ভিত্তি কৰি বিংশ শতাব্দীত সত্যেন্দ্ৰ নাথ বসুৱে সাংখ্যিক কোৱান্টামৰ কিছু বিশ্লেষন
আগবঢ়ায় যাক কিছু বছৰ পিছত আইনস্টাইনে প্ৰকাশিত কৰে আৰু নিজৰ গৱেষণাৰ
পৰিপুৰক হিচাবে ব্য়ৱহাৰ কৰে। তাৰ পিচৰ পৰ্যায়ৰ কথা সৰ্বজনবিদিত।
ব্ৰহ্মমগুপ্তই বহু বছৰৰ আহতেই পৃথিৱীখন সুমথিৰা আকৃতিৰ তথা ইয়াৰ আকৰ্ষণ কৰিবৰ শক্তি আছে বুলি দাবি কৰি থৈ গৈছিল। পিছত এৰিস্টটলে আৰু আৰ্কিমিদিছে বিশ্বক প্ৰমাণ কৰি দেখুৱালে যে ই সত্য।
বুৰন্জীয়ে ধুকি নোপোৱা কালতে মহৰ্শি ভৰদ্বাজৰ দ্বাৰা সংকলিত তথা কোনো ব্ৰাহ্মমন বংশৰ দ্বাৰা সংৰক্ষিত বিমান শাস্ত্ৰত
বিভিন্ন বিমানৰ নক্সা তথা নিৰ্মাণ প্ৰণালী সন্নিহিত হৈ আছিল। ৰাইত ভাতৃদ্বয়ৰ দ্বাৰা ১৯০৩ চনত আধুনিক বিমানৰ সফল পৰীক্ষণৰ
আঠ বছৰ ৰ পূৰ্বে ভাৰতত এজন সংস্কৃত পন্ডিতে ১৮৯৫ চনতে মুম্বাই চহৰত বহু লোকৰ উপস্থিতিত মানৱহীন বিমানৰ সফল
পৰীক্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল শিৱকাৰ বাপুজী তালপাডে। তেওঁ নিজৰ বিমানখন পৌৰাণিক বেদ আৰু শাস্ত্ৰৰ পৰা
অৰ্হিত গ্যানেৰে নিৰ্মাণ কৰি উলিয়াইছিল। তদুপৰি বিভিন্ন মহাকাব্য আৰু গ্ৰন্থত বিমানৰ প্ৰয়োগ উল্লেখ আছে। কেৱল মাত্ৰ কল্পনাৰ সৃস্টি
হোৱা হ'লে পৌৰাণিক বিমান ইমান সুপৰিকল্পিত আৰু নিয়াৰিকৈ আজিৰ আধুনিক বিমানৰ সৈতে মিল নেখালে হেঁতেন ।
আজিৰ যুগৰ প্ৰধান আৱিস্কাৰ ডি এন এত বহু ৰহস্য সোমায় আছে। ডি এন এক সূক্ষ্মভাৱে
বিশ্লেষণ কৰিলে বহু গ্যানৰ দুৱাৰ মুকলি হ'ৱ। হয়তো এদিন আমি জানিৱ পাৰিম আমাৰ লাখ লাখ
বছৰৰ পুৰণি ইতিহাসৰ বিষয়ে। হয়তো ভাৰতৰ পুৰণি ইতিহাসৰ বাৰেবৰণীয়া ভান্দাৰ কোনোবা
এদিন বিশ্ববাসীৰ ত্ৰাণকৰ্তাৰ ৰূপত ব্য়ৱহৃত হ'ৱ। এতিয়াওঁ বহু বৈজ্ঞানিক উপলব্ধি লাভ কৰিবলৈ বাকী
আছে মানৱ জাতিৰ । সময়েহে ক'ৱ, আৰু কিমান বছৰ ৰ মূৰত মানৱজাতিয়ে মহাকাশৰ পৰিব্ৰাজক হিচাবে এটি তৰামন্দলৰ পৰা
আন এটিলৈ অনায়াসে অহা যোৱা কৰিবলৈ সক্ষম হ'ৱ। কেনেকৈ মানুহে নিমিসতে পৰমানুলৈ পৰিৱতৰ্তিত হৈ এখন ঠাইৰ পৰা আন
এখন ঠাইলৈ গমন কৰিবলৈ সক্ষম হ'ৱ। মানৱ জাতিৰ আৰু বিজ্ঞানৰ প্ৰগতিত পৌৰাণিক ভাৰতীয়ৰ জ্ঞান এক অপৰিহাৰ্য
অংগ হৈ ৰ’ৱ।


Comments
Post a Comment